এটা মিঞা কবিতাই বিশ্ববাসীৰ আগত লজ্জিত কৰিছে সমগ্ৰ অসমক। YTMIXTURE

                    
ম‌ই মিঞা নামৰ কবিতা ৰচনা কৰি বিশ্ববাসীৰ আগত লজ্জানত কৰিছে অসমবাসীক। আল জাজিৰা চেনেলৰ সহায়ত অসম আৰু অসমবাসীক বিশ্ববাসীৰ আগত লজ্জিত কৰিবলৈ ষড়যন্ত্ৰভাৱে ৰচনা কৰা ম‌ই মিঞা নামৰ কবিতাটোৰ বিৰুদ্ধে লাহে লাহে মাৰবান্ধি ওলাই আহিছে সমগ্ৰ অসমবাসী ৰাইজ। বিদেশৰ টকাৰে অসমত সাহিত্যৰ নামত চলিছে প্ৰৰোচনা। মিঞা মহিলাক অসমত অকথ্য নিৰ্যাতন চলোৱা বুলিও প্ৰচাৰ কৰা হৈছে কবিতাটোত। NRC প্ৰকাশৰ আগমূহূৰ্তত ছচিয়েল মিডিয়াত ভাইৰেল কৰা হৈছে ম‌ই মিঞা নামৰ এই কবিতাটো। কবিতাটো ভিডিঅ আকাৰে প্ৰস্তূত কৰি ভাইৰেল কৰিছে ছচিয়েল মিডিয়াত। কবিতাটো চাৰি গৰাকী ব্যক্তিয়ে আবৃতি কৰিছে। এনেধৰন কবিতা কেতিয়াও জাতিৰ হকে হব নোৱাৰে বৰঞ্চ এইবোৰে সাধাৰন মানুহৰ মনত বিভেদৰ সৃষ্টিহে কৰিব । ইতিমদ্ধে সমগ্ৰ বিষয়টোৰ ওপৰত  তিব্ৰ ভাষাৰে গৰিহনা দিছে সচেতন মহলে । আৰু মিঞা কবিতাৰ বিৰুদ্ধে বিজেপিৰ সংখ্যালঘু মৰ্চানেতাই গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে।  


Post a Comment

0 Comments