নিপন গোস্বামীৰ পুত্ৰৰ বিষয়ে চছিয়েল মিডিয়াত অপপ্ৰচাৰ একাংশৰ।

নিপন গোস্বামীৰ পুত্ৰৰ বিষয়ে চছিয়েল মিডিয়াত অপপ্ৰচাৰ একাংশৰ। এই কাৰ্যত অতিকৈ মৰ্মাহত হৈছে নিপন গোস্বামীৰ লগতে তেখেতৰ পৰিয়ালবৰ্গ।



চছিয়েল মিডিয়াত একাংশ‌ই নিপন গোস্বামীৰ পুত্ৰ‌ই পিতৃৰ এই অসুষ্ঠতাৰ সময়ত তেখেতক কোনো ধৰনৰ গুৰুত্ব নিদি পিতৃক এৰি মুম্বাইত থকা বুলি অপপ্ৰচাৰ কৰি আছে। আৰু এই কাৰ্যত অতিকৈ দুখিত অনুভৱ কৰিছে শ্ৰদ্ধাৰ শিল্পী গৰাকীয়ে। নিপন গোস্বামীৰ বোৱাৰী অভিনেত্ৰী কিংকিনী ভট্টাচাৰ্য‌ই সৰৱ হৈছে চছিয়েল মিডিয়াত অপপ্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে। আৰু তেও জনাইছে যে নিপন গোস্বামীৰ পুত্ৰ‌ই ছুটীৰ অভাৱত ঘৰলৈ আহিব পৰা নাই যদিও সময়মতে পিতৃৰ চিকিৎসাৰ বাবে টকা প‌ইচা দি আছে।

আনহাতে শ্ৰদ্ধাৰ শিল্পীগৰাকীলৈ চৰকাৰ আৰু ৰাইজৰ পৰাও আগবঢ়াইছে সহায়ৰ হাত। চলচ্চিত্ৰ বিত্ত নিগমৰ তৰফৰ পৰা ২৫ হাজাৰ টকা আগবঢ়াইছে যতিন বৰাই। ব্যৱসায়ী নৃপেন দাসে আগবঢ়াইছে ১ লাখ টকাৰ সাহায্য। আৰু জনসংযোগে আগবঢ়াইছে ৫০ হাজাৰ টকাৰ আৰ্থিক সাহায্য।

Post a Comment

0 Comments