ফেচবুকত বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি গ্ৰেপ্তাৰ দুই যুৱক। indecent comment against Angoorlata deka, Assamese news.
 |
| দুই যুৱকক গ্ৰেপ্তাৰ কৰা ফটো |
ফেচবুকত বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ (MLA Angoorlata Deka ) বিৰুদ্ধে অশ্লীল মন্তব্য কৰি ৰঙাঘৰৰ আলহী হ'ল দুই যুৱক।
আন্ধাৰৰ আৰত জোনাকী নামৰ ফেচবুক পেজ এটাৰ জৰিয়তে বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰিছিল যুৱক দুজনে। যুৱক দুজনৰ নাম হৈছে
অভিনন্দন নাথ আৰু গম্ভীৰ বৰা।
 |
| ফেচবুকত অশ্লীল মন্তব্য কৰি গ্ৰেপ্তাৰ যুৱক |
ফেচবুক পেজ
আন্ধাৰৰ আৰত জোনাকী ত বিধায়িকা গৰাকীৰ বিৰুদ্ধে অশ্লীল প'ষ্টটো কৰাৰ পিছতে জাঙুৰ খাই উঠে সমষ্টিবাসী ৰাইজ আৰু আঙুৰলতা ডেকাৰ শুভকাংক্ষীয়ে যুৱক দুজনৰ উচিত ব্যৱস্থা ল'বলৈ নগাওঁ আৰক্ষীক দাখিল কৰে এজাহাৰ। আৰু এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে অভিযান চলাই ডুমডুমাৰ পৰা অভিনন্দন নাথ আৰু পুৰনিগুদাম আউনীআটীৰ পৰা গম্ভীৰ বৰা নামৰ লম্পট জনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে। লগতে আন্ধাৰৰ আৰত জোনাকী নামৰ পেজটোৰ ওপৰতো বিহিত ব্যৱস্থা ল'বলৈ আৰক্ষীক দাবি জনাই ৰাইজে। বৰ্তমান আন্ধাৰৰ আৰত জোনাকী নামৰ পেজটো বন্ধ কৰা হৈছে।
0 Comments