Google ত সৰস্বতী পূজাৰ ফটো।Saraswati Puja images 2022, Saraswati Puja Images Assam, Saraswati Puja in Assamese,

Google ত সৰস্বতী পূজাৰ ফটো।Saraswati Puja images 2022, Saraswati Puja Images Assam, Saraswati Puja in Assamese,
Saraswati Puja images assam, Saraswati Puja images assam vs Kolkata, Saraswati Puja memes,
Google ত সৰস্বতী পূজাৰ ফটো।


সৰস্বতী পূজা : সৰস্বতী পূজা বুলি কলে স্কুল,কলেজত সমূহ ছাত্ৰ-ছাত্ৰীয়ে বিদ্যাৰ দেৱী মা সৰস্বতীক পূজা অৰ্চনা কৰা এটি বিশেষ দিন বুজাই। বৰ্তমান সময়ত সৰস্বতী পূজা যেন এক সন্দৰ্যৰ প্ৰতিযোগিত হে তেনে অনুভৱ হয়। সৰস্বতী পূজাত স্কুল কলেজতকৈ বেছিভাগ ছাত্ৰ-ছাত্ৰীক পাৰ্কত বা অন্য ঠাইত হে বেছি দেখা পোৱা যায়। মা সৰস্বতীক পূজা কৰাৰ বিপৰীতে কিছুমানে ফটো,ভিদিঅ কৰিবলৈ যোৱা হে দেখা যায়। Google ত যদি আপুনি Saraswati Puja assam বুলি search কৰে তেনেহলে মা সৰস্বতীৰ ফটোৰ বিপৰীতে কিছুমান ছোৱালীৰ ফটো হে দেখা যায় আৰু কলকাতা বা অন্য ঠাইৰ সৰস্বতী পূজা Google ত search কৰিলে তাত মা সৰস্বতীৰ ফটো দেখা পোৱা যায়। ইয়াৰ পৰা এইটোৱে বুজা যায় যে অসমত বৰ্তমান সৰস্বতী পূজা মানে যেন এক সন্দৰ্যৰ প্ৰতিযোগিতা হে অনুষ্ঠিত কৰা হৈছে তেনে অনুভৱ হয়। 

বৰ্তমান সময়ত সৰস্বতী পূজাত অসমৰ সংবাদ মাধ্যমৰ ভূমিকা। 

সৰস্বতী পূজাত কোনে কিমান ধুনীয়া কাপোৰ পিন্ধি আহিব আৰু কাক বেছি ধুনীয়া দেখা হ'ব কোনে কিমান দামি সাজ পৰিধান কৰি আহিছে এইবোৰে হৈছে কিছুমান অসমৰ সংবাদ মাধ্যমৰ সৰস্বতী পূজাত মুখ্য ভূমিকা। সৰস্বতী পূজাত ধনী ঘৰৰ জীয়ৰীয়ে দামী দামী সাজ পৰিধান কৰি আহিব আৰু এইবোৰ কিছুমান সংবাদ মাধ্যমত প্ৰচাৰ কৰি থাকিব কিন্তু তেওঁলোকে  এইটো অলপো বুজিব চেষ্টা নকৰে যে এইটো আচলতে কোনো ধৰণৰ ফেশ্বন শ্বো  নহয় এইখন হৈছে সৰস্বতী পূজা। Tv ত সন্দৰ্য ৰ Saraswati Puja চাই চাই দুখীয়া ঘৰৰ ছোৱালী জনিয়ে সৰস্বতী পূজাত স্কুলত আহিব লাজ কৰে কাৰণটো হৈছে ধুনীয়া কাপোৰ এযোৰ নাই। গতিকে সৰস্বতী পূজাক পূজা হিচাপে থাকিব দিয়ক সন্দৰ্যৰ প্ৰতিযোগিতা নহয়।

শেষত সকলোকে সৰস্বতী পূজাৰ বহুত বহুত শুভেচ্ছা জনালোঁ। ধন্যবাদ।

Post a Comment

0 Comments