মহাদেৱৰ ভাও লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা যুৱকক গ্ৰেপ্তাৰ।
মূল্যবৃদ্ধিৰ বিৰুদ্ধে বাটৰ নাটেৰে প্ৰতিবাদ সাব্যস্ত কৰি বিপদত পৰিল যুৱক- যুৱতী। নগাঁওৰ ৰাজপথত মহাদেৱ আৰু পাৰ্বতীৰ ৰূপ লৈ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ দুই যুৱক- যুৱতীৰ বিৰুদ্ধে। নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰিলে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে। এজাহাৰৰ ভিত্তিত নগাঁও আৰক্ষীয়ে আটক কৰিলে শিৱৰূপী প্ৰতিবাদকাৰী বিৰিঞ্চি বৰাক।
0 Comments