Photo Lab ব্যৱহাৰ কৰা মহিলা সকল সাৱধান । Photo Lab , Don't Use Photo Lab, Assamese News

 Photo Lab ব্যৱহাৰ কৰা মহিলা সকল সাৱধান । Photo Lab ,Don't Use Photo Lab, Assamese News

Don't Use Photo Lab, Assamese News

Photo lab কৰা ব্যৱহাৰ মহিলা সকলক উদ্দেশ্যি ফেচবুকত উৎপল শিৱমৰ এটা প'ষ্ট।

ফেচবুকত এই কেইদিন বহু মহিলা যুৱতীৰ photo lab নামৰ app টো ব্যৱহাৰ কৰি যি ধুনীয়া হোৱাৰ প্ৰবণতা বাঢ়িছে, ই প্ৰমাণ কৰে যে আমি আমাৰ‌ নিজক লৈ কিমান অসাৱধান। 

আপুনি জানেনে যে, এই app টো আপোনাৰ মোবাইলত download কৰি install কৰোঁতে কি কি permission বিচাৰে? আপুনি একো নোচোৱাকেই allow কৰি দি থাকে আৰু আপুনি‌ অজ্ঞাত অসাৱধান হৈ দিয়া অনুমতিৰ বাবে সেই app টোয়ে আপোনাৰ মোবাইলৰ সকলো তথ্য, সকলো ফটো ভিডিঅ' আদি নিজৰ আয়ত্বলৈ লৈ যায়। আপোনাৰ মোবাইলটো হৈ পৰে তেওঁলোকৰ বাবে এখন খোলা কিতাপ, আজিকালি আমাৰ মোবাইলটোতেই আমি আমাৰ জীৱনৰ সকলো‌ তথ্য ৰখাৰ দৰে, সেই তথ্যবোৰ আমি ধেমালি ধেমালিতেই আনৰ হাতত তুলি দিওঁ__ আমাৰ ফটোখন মিছাকৈ ধুনীয়া দেখিবৰ বাবে।

আপুনি photo lab ব্যৱহাৰ কৰোঁতে terms and conditions বোৰ পঢ়িছিল‌ নে? আপুনি নপঢ়াকৈ তাত সন্মত বুলি টিপি দিছিল। কিন্তু তাত লিখা আছে যে, আপোনাৰ ফটো বা আপোনাৰ পৰা লাভ কৰা যিকোনো ফটোসমূহৰ যিকোনো ধৰণে edit , save আৰু বিতৰণ কৰা copyright তেওঁলোকৰ আছে। আপুনি সেই কথাত সন্মতি দিছে। ইয়াৰ পাছত আপোনাৰ ফটোখন যদি কোনো পৰ্ণ চাইটত আপুনি দেখা পাই, তাৰ বাবে আপুনি কোনো অভিযোগ কৰিব নোৱাৰিব__ কিয়নো আপুনি আগতেই অজ্ঞাতেই সন্মতি দি থৈছে।

আপোনাৰ পৰা লাভ কৰা ফটোবোৰ তেওঁলোকৰ storage ত save থাকিব। AI tools ৰ‌ দ্বাৰা কোনো পৰ্ণ ভিডিঅ'ত আপোনাৰ মুখ বা আপোনাৰ ফটো ব্যৱহাৰ কৰিলে বা যদি কাৰোবাৰ ফটোখন AI ৰ‌ দ্বাৰা নগ্ন কৰি ইণ্টাৰনেটত এৰি দিয়ে তেন্তে তাৰবাবে পাছত ধৰফৰাই লাভ নাই। AI প্ৰযুক্তি ইমানেই উন্নত যে, সেই ফটোখন আপোনাৰ যে নহয়__ সেয়া প্ৰমাণ কৰিবলৈ আপোনাৰ আধা জীৱন পাৰ হৈ যাব।

হাৱাবোৰত আমি উৰিব নালাগে, ফেচবুক প্ৰফাইলটোত password ৰে privacy security মাৰি থৈ‌ছে কিন্তু নিজৰ জীৱনৰ গোপনীয়তা এনেকৈ অচিনাকী app এটাক বিশ্বাস কৰি তুলি দিছে- পুতৌজনক!! মাজে মাজে এনেকুৱা একো‌ একোটা trend ৰ বতাহ আহে আৰু সেই বতাহত বহুতে আগ পাছ‌ নুগুণি উটি যায়, তাৰ পাছত আহে বিপদবোৰ।

:- হেল্ল' ম‌ই বৰ বিপদত পৰিছোঁ, মোৰ ফটোবোৰ বেয়াকৈ edit কৰি কোনোবাই নেটত দিছে। প্লিজ মোক সহায় কৰক!"- এনেকুৱাকৈ বহু যুৱতী মহিলাৰ‌ ফোন আমি পাই থাকোঁ। তাৰবাবে দোষী তেওঁলোকৰ অসাৱধানতা আৰু হাৱা আহিলেই হাত মেলি উৰি দিয়াৰ বাতুলতা।

✍️ উৎপল শিৱম

সাৱধান হ‌ওক, উন্মনা হৈ নিজক আনৰ হাতত তুলি নিদিব। মনত ৰাখিব-" আগে নুগুণি গুণে পাছ, লোভত মৰে বৰশীৰ মাছ"

মনত ৰাখিব photo lab safe নহয়, ই আপোনাৰ সকলো personal data চুৰ কৰিব পাৰে। আপুনি আপোনাৰ‌ মোবাইলত যদি এইটো এতিয়াও download কৰি ৰাখিছে, নিজৰ mobile settings ৰ apps section ত গৈ photo lab ত click কৰি permission ত চাওক। আপুনি নিজেই গম পাব যে আপোনাৰ মোবাইলৰ কিমান তথ্য সিহঁতৰ হাতৰ মুঠিত।

বাচি খাব, জাগি শুব। নহ'লে বিপদ অনিবাৰ্য।

(Article Credit = উৎপল শিৱম)


Post a Comment

0 Comments