সাৱধান' ফেচবুকত চৰকাৰ বিৰোধী প'ষ্ট দিয়াজনে নাপাব চৰকাৰী চাকৰি। ছচিয়েল মিডিয়াত নিজৰ মতামত প্ৰকাশ কৰোতে অলপ সময় ভাবি চিন্তি প'ষ্ট কৰিব ছাত্ৰ-ছাত্ৰীসকলে অন্যথা বিপদৰ সন্মুখীন হব পাৰে। আনহাতে চৰকাৰৰ হৈ চৰকাৰপন্থী প'ষ্ট লিখি ছচিয়েল মিডিয়াত প'ষ্ট কৰা জনে লাভ কৰিব পুৰস্কাৰ। এই বিষয়ে চৰকাৰৰ আভ্যন্তৰৰে সমৰ্থিত সুত্ৰই ব্যাখ্যা আগবঢ়াইছে। প্ৰকাশ পোৱা খবৰ মৰ্মে কেন্দ্ৰই বৰ্তমান দেশৰ তিনি কোটিৰ ও অধিক ছাত্ৰ-ছাত্ৰীৰ ছচিয়েল মিডিয়া একাউন্টৰ ওপৰত নজৰ ৰাখিছে। ৯০০ খন বিশ্ববিদ্যালয় আৰু ৪০ হাজাৰ খন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ ফেচবুক আৰু টুইটাৰৰ প'ষ্ট তীক্ষ্ণদৃষ্টিৰে নিৰীক্ষন কৰিছে গৃহ বিভাগে। গতিকে সাৱধান হওক ।


0 Comments