ফেচবুকে সলনি কৰিলে কিছুমান নিয়ম। পূৰনি প'ষ্ট চেয়াৰ কৰোতে সাৱধান ! Facebook rules changed, now theft will be caught! Assamese news.

ফেচবুকে সলনি কৰিলে কিছুমান নিয়ম। পূৰনি প'ষ্ট চেয়াৰ কৰোতে সাৱধান ! Facebook rules changed, now theft will be caught! Assamese news.

Facebook rules change, Facebook content policy changes, Assamese news on Facebook, Facebook news,
Facebook rules change

কেইদিনমানৰ পৰা ফেচবুকত বহুতো নিয়ম সলনি হয় আহিছে। আৰু অলপ দিনৰ আগতে ফেচবুকৰ স্বত্বাধিকাৰী মাৰ্ক জুকাৰবাৰ্গে ফেচবুকৰ Content Policyৰ কিছু সালসলনি কৰাৰ কথা উল্লেখ কৰিছিল। আপোনালোকে জানে যে ছচিয়েল মিডিয়াত ভুৱা আৰু অপপ্ৰচাৰৰ খৱৰসমূহ কিমান ভৰি পৰিছে। ফেচবুকত কিছুমান লোকে ভূলতে হ‌ওক বা জানিবুজি হ‌ওক সাধাৰণ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈ কিছুমান পূৰনি ফটো বা খৱৰ চেয়াৰ কৰা দেখা যায়। আৰু সাধাৰণ লোকেও সেইটো নতুন খৱৰ বুলি লগে লগে চেয়াৰ কৰি দিয়ে। কিন্তূ এতিয়াৰ পৰা আৰু পুৰনি খৱৰ চেয়াৰ কৰিব নোৱাৰিব ফেচবুকত। এতিয়াৰে পৰা যদি ৩ মাহ পূৰনি প'ষ্ট এটা আপুনি চেয়াৰ কৰিব বিচাৰে তেনেহলে আপোনাৰ ম'বাইলত এটা Pop up Notification আহিব আৰু তাত লিখা থাকিব যে প'ষ্টটো ৩ মাহ পূৰনি হয় আৰু তাত cancel কৰক বা Share কৰক বুলি option এটা আহিব। ফেচবুকে ইয়াৰ দ্বাৰা আপোনাক সতৰ্ক কৰি দিব যে প'ষ্টটো পূৰনি হয় গতিকে আপুনি চেয়াৰ কৰিব নে নকৰে ভাবি চাওক। আৰু  আপুনি যদি ফেচবুকত অপপ্ৰচাৰ বেছিকৈ চেয়াৰ কৰি থাকে তেনেহলে আপোনাৰ ফেচবুক একাউণ্টটো বন্ধ কৰি দিব বুলিও জনায় ।

Post a Comment

0 Comments