ফেচবুকত অন্ধবিশ্বাস আৰু উৰাবাতৰি প্ৰচাৰ একাংশৰ। প্ৰকৃত সত্য কি ? Social media fake news Assam.

ফেচবুকত অন্ধবিশ্বাস আৰু উৰাবাতৰি প্ৰচাৰ একাংশৰ। প্ৰকৃত সত্য কি ?
ফেচবুকত অন্ধবিশ্বাস আৰু উৰাবাতৰি প্ৰচাৰ একাংশৰ। প্ৰকৃত সত্য কি ? Social media fake news Assam.
Fake news image by facebook

বিশ্বত কৰ'ণা ভাইৰাছৰ আতংকৰ মাজতে অসমত ফেচবুকত একাংশই চলাইছে উৰাবাতৰি। অন্ধবিশ্বাসত ডুব যায় আছে অসমৰ এতিয়াও বহুত মানুহ।

যিসময়ত সমগ্ৰ বিশ্বৰ লগতে অসমতো কৰ'ণা ভাইৰাছৰ  পৰা কেনেকৈ ৰক্ষা পাব পাৰি তাকে লৈ চিন্তিত হৈ আছে সেই সময়তে ছচিয়েল মিডিয়া ফেচবুকত একাংশই অন্ধবিশ্বাস আৰু উৰাবাতৰি প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা গৈছে।


উৰাবাতৰি সমূহ...

১/ ফেচবুকত দেখিবলৈ পোৱা গৈছে যে নলবাৰীত দাত থকা কেচুৱা এটাৰ জন্ম হৈছে আৰু শিশুটোৱে জন্ম হৈয়ে কৈছে যে পৃথিৱী ধ্বংস হৈ যাব গতিকে সকোলোৱে ঘৰৰ সন্মুখত তিনি গছি চাকি জলাব লাগে।

২/ ছয়গাঁওত কেচুৱা এটা জন্ম হৈয়ে উঠি বহিছে আৰু কথাও কৈছে। আৰু শিশুটোৱে কৈছে যে পৃথিৱী ধ্বংস হ'ব গতিকে এইকেইটা দিন সকোলোৱে ঘৰৰ সন্মুখত তিনিগছি চাকি সদাই জ্বলাব লাগে। আৰু এইখিনি কথা কৈ শিশুটোৰ মৃত্যু হয়।

এনেধৰণৰ উৰাবাতৰি আৰু অন্ধবিশ্বাসত পৰি বহুতে ইয়াক সচা বুলি প্ৰচাৰ চলাই থকা দেখিবলৈ পোৱা যায়।

প্ৰকৃত সত্য কি ?

১/ প্ৰকৃত সত্য এয়াই যে জন্মতে কোনো শিশুই কথা কব নোৱাৰে আৰু  দাত নাথাকে ।

২/ গুগলত চালে দেখিব যে উৰাবাতৰিত দেখা কেচুৱাটোৰ ফটোখন এটা MEME হয় । গতিকে ফটোখন ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছে।

ফেচবুকত অন্ধবিশ্বাস আৰু উৰাবাতৰি প্ৰচাৰ একাংশৰ। প্ৰকৃত সত্য কি ? Social media fake news Assam.
Image by Facebook

৩/ একেটা ঘটনাই পৃথক পৃথক কৰি এটা নলবাৰী আৰু আনটো ছয়গাঁওৰ বুলি অন্ধবিশ্বাস বিয়পাই একাংশই।

ৰাইজ সচেতন হ‌ওক আৰু এনেধৰণৰ উৰাবাতৰিৰ পৰা দূৰত থাকক।

Post a Comment

0 Comments