মন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা আৰু তেওৰ কন্যাৰ ফটো বিকৃত কৰন কৰি গ্ৰেপ্তাৰ হল প্ৰতিবিম্ব লাইভৰ সাংবাদিক। Assamese news, Himanta biswa sarma, web Portal Pratibimba Live.

 মন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা আৰু তেওৰ কন্যাৰ ফটো বিকৃত কৰন কৰি গ্ৰেপ্তাৰ হল প্ৰতিবিম্ব লাইভৰ সাংবাদিক। Assamese news, Himanta biswa sarma, web Portal Pratibimba Live.

গ্ৰেপ্তাৰ হ'ল সাংবাদিক

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ জীয়ৰীৰ ফটো বিকৃত ৰূপ দি ছচিয়েল মিডিয়াত প্ৰচাৰ কৰি গ্ৰেপ্তাৰ হ'ল এগৰাকী যুৱতীৰ লগতে ৱেব পৰ্টেল প্ৰতিবিম্ব লাইভৰ মুখ্য সম্পাদকৰ লগতে আৰু চাৰি গৰাকী সাংবাদিক। 

নাং নয়নমনি গগৈ ফটো
নাং নয়নমনি গগৈ ফটো

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ জীয়ৰীৰ ফটো বিকৃত ৰূপ দি সামাজিক মাধ্যমত প্ৰচাৰ কৰিছিল "নাং নয়নমনি গগৈ "নামৰ এগৰাকী যুৱতীয়ে। ইতিমধ্যে যুৱতী গৰাকীক আৰক্ষীয়ে আটক কৰিছে।


হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ জীয়াৰীৰ ফটোখন বিকৃত ৰূপত ছচিয়েল মিডিয়াত প্ৰচাৰ হোৱাৰ পিছতে ৱেব পৰ্টেল প্ৰতিবিম্ব লাইভত ফটোখনৰ সত্য সত্যতা নজনাকৈয়ে ফটোখনৰ বিকৃত ৰূপ দি নিউজ প্ৰচাৰ কৰে। ইতিমধ্যে আৰক্ষীয়ে প্ৰতিবিম্ব লাইভৰ মুখ্য সম্পাদকৰ লগতে আৰু চাৰি গৰাকী সাংবাদিকক গ্ৰেপ্তাৰ কৰিছে। তেওঁলোকৰ নাম হৈছে: তফিক‌উদ্দিন আহমেদ, নজৰুল হুছেইন, নিজুল আলী, আছিফ ইকবাল হুছেইন আৰু নজমুন হক।


ঘটনা সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁৰ বিৰুদ্ধে বহুতো অপপ্ৰচাৰ চলাই আছে একাংশই কিন্তূ একো কৰিব পৰা নাই আৰু সেইকাৰণে এইবাৰ তেওঁৰ ছোৱালীৰ ফটো বিকৃত কৰন কৰিছে।

Post a Comment

0 Comments