পাকিস্তানী সেনাৰ সপক্ষে মন্তব্য় কৰি গ্ৰেপ্তাৰ হল কংগ্ৰেছ নেতা । Ytmixture



পাকিস্তানী সেনাৰ সপক্ষে মন্তব্য় কৰি গ্ৰেপ্তাৰ হল কংগ্ৰেছ নেতা । ফেচবুকৰ জৰিয়তে বহুদিন ধৰি কাশ্মীৰ সন্দৰ্ভত বিতৰ্কিত মন্তব্য় কৰি আছিল হাছেন আলী নামৰ কংগ্ৰেছি নেতাজনে ।

শুকুৰবাৰে নিশা ৰূপহীহাট আৰক্ষীয়ে জয়ন্ত মণ্ডল নামৰ এজন ব্যক্তিৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে হাছেন আলীক ।

প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুছেইনৰ অতিকৈ ঘনিষ্ঠ ব্যক্তি হাছেন আলী । ভাৰতৰ বিৰুদ্ধে আৰু পাকিস্তানৰ সপক্ষে দিৰ্ঘদিন ধৰি বিতৰ্কিত প'ষ্ট কৰি আহিছে ফেচবুকত।

চামগুৰি সমষ্টিৰ লাওখোৱাৰ ভুৰবন্ধাত ঘৰ ধৃত হাছেন আলিৰ । বৰ্তমান আৰক্ষীৰ জিম্মাত ৰখা হৈছে হাছেন আলীক ।

Post a Comment

0 Comments