অসমৰ বান পীড়িতক সহায়ৰ হাত আগবঢ়ালে অভিনেতা অক্ষয় কুমাৰে।
সমগ্ৰ অসম ভয়ানক বানৰ কবলত। অসমৰ বানৰ বাবে ২ কোটি টকাৰ সাহায্য কৰিলে অভিনেতা অক্ষয় কুমাৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উদ্ধাৰৰ বাবে ১ কোটি টকা আৰু মুখ্যমন্ত্ৰীৰ বান সাহায্য পুজিলৈ ১ কোটি টকাৰ ঘোষনা টুইটাৰ যোগে অক্ষয় কুমাৰৰ।
বান পীড়িতক হিমা দাসৰ সহায় ।
দৰমহাৰ আধা অংশ দান কৰি হিমাই কলে মোৰ অসমখনক বচাওক। হিমা দাসে টুইটাৰযোগে কৰপ'ৰেড হাউছক আবেদন জনায় যে অসমক দান দিয়ক আৰু অসমখনক ৰক্ষা কৰক। হিমা দাসে ইণ্ডিয়ান অইল কৰপ'ৰেচনৰ পোৱা দৰমহাৰ আধা অংশ মুখ্যমন্ত্ৰীৰ বান সাহায্য পুজিলৈ প্ৰদান কৰে। আৰু হিমাই কলে বৰ্তমান অসমৰ অৱস্থা যথেষ্ট বেয়া প্ৰায় ৩০ খন জিলা পৰিছে বানৰ কবলত।
অসমৰ বানপীড়িতক সহায়ৰ আহ্বান বলীউড অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাৰ।
বান পানীৰ ফলত যথেষ্ট খতিসাধন হৈছে অসমৰ। টুইটাৰযোগে দুখপ্ৰকাশ কৰে অসমৰ ব্ৰেণ্ড এম্বেছাডৰ প্ৰিয়ংকা চোপ্ৰাই। আৰু টুইটাৰত অসমৰ বান পীড়িত লোকসকলক সহায়ৰ বাবে আহ্বান জনায় প্ৰিয়ংকা চোপ্ৰাই।

0 Comments