ভাৰত-পাকিস্তানৰ ক্ৰিকেট মেচত ভাৰতৰ পৰাজয় হোৱাত পাকিস্তানক সমৰ্থন কৰি ভাৰতৰ বিৰুদ্ধে ফেচবুকত বিতৰ্কিত প'ষ্ট কৰিছিল ৰেহেনা চুলতানা নামৰ এগৰাকী যুৱতীয়ে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী ৰেহেনা চুলতানা ।
ৰেহেনা চুলতানৰ বিতৰ্কিত ফেচবুক প'ষ্ট টোৰ বাবে আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে।
দুই বছৰ আগতে ৰেহেনা চুলতানে এই বিতৰ্কিত ফেচবুক প'ষ্টটো কৰিছিল আৰু এই পষ্টটোক লৈ বহু বিতৰ্ক হোৱাত ৰেহেনা চুলতানে পষ্টটো ডিলিট কৰিছিল যদিও পষ্টটোৰ Screenshot ফেচবুকত ৰৈ গৈছিল।
ইতিমদ্ধে জালুকবাৰী আৰক্ষী থানাত ৰেহেনা চুলতানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
এই পষ্টটোক লৈ সংবাদ মাধ্যমতো প্ৰচাৰ কৰা হৈছিল। মহানগৰ আৰক্ষীয়ে নিজাববীয়াকৈ ৰেহেনা চুলতানাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে।
0 Comments